গোলাঘাট বিধানসভাৰ মাননীয়া বিধায়িকা শ্ৰীমতী অজন্তা নেওগে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ গোলাঘাট নগৰৰ প্ৰাথমিক শাখা উদ্বোধন কৰে।
গোলাঘাট বিধানসভাৰ মাননীয়া বিধায়িকা শ্ৰীমতী অজন্তা নেওগে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ গোলাঘাট নগৰৰ প্ৰাথমিক শাখা উদ্বোধন কৰে।
গোলাঘাট বিধানসভাৰ মাননীয়া বিধায়িকা তথা অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহোদয়াই ৩০ ডিচেম্বৰ, ২০২৩ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ উদ্যোগত কাঁঠকটিয়া গাঁৱত নিৰ্মিত নতুন নামঘৰৰ শুভ উদ্বোধন সম্পন্ন কৰে।
এই উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি, সঙ্ঘৰ সদস্য-সদস্যা আৰু গ্ৰামবাসীয়ে উপস্থিত থাকি নামঘৰ নিৰ্মাণৰ বাবে কৰা প্রচেষ্টাৰ প্ৰশংসা কৰে। মন্ত্ৰী মহোদয়াই নিজৰ ভাষণত অসমীয়া সংস্কৃতিৰ মূল স্তম্ভ হিচাপে নামঘৰৰ ভূমিকা আৰু ঐক্যতা, ভ্ৰাতৃত্ববোধৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বৰ ওপৰত বিশেষ ভাবে আলোকপাত কৰে।
উক্ত অনুষ্ঠানত বিশেষ নামপ্ৰসংগ, সংস্কৃতিক অনুষ্ঠান আৰু গ্ৰামবাসীৰ সৈতে মতবিনিময় সভা অনুষ্ঠিত হয়। লগতে নামঘৰ নিৰ্মাণত সহায় কৰি আগবঢ়োৱা সকলক ধন্যবাদ জনাই মন্ত্ৰীজীয়ে ভবিষ্যতে এনে সমাজকল্যাণমূলক কামত সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
On December 30, 2023, the Honorable MLA of the Golaghat Constituency and Assam's Minister for Finance, Women, and Child Development, Smt. Ajanta Neog, inaugurated the newly constructed Naamghar at Kathkotia village, under the initiative of the Golaghat Town Primary Branch of Srimanta Sankardev Sangha.
The inauguration ceremony witnessed the presence of several distinguished individuals, members of the Sangha, and local residents who lauded the efforts put into constructing the Naamghar. In her address, the Minister emphasized the importance of Naamghars as a cornerstone of Assamese culture, fostering unity and brotherhood within society.
The event featured special rituals, devotional singing sessions (Naam-Prasanga), cultural programs, and an interactive session with the villagers. The Minister extended her gratitude to everyone who contributed to the construction of the Naamghar and assured continued support for similar community welfare initiatives in the future.