শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গোলাঘাট নগৰ প্ৰাথমিক শাখা নামঘৰ উদ্বোধন | Namghar Inauguration
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গোলাঘাট নগৰ প্ৰাথমিক শাখা নামঘৰ উদ্বোধন | Namghar Inauguration
১৯৭৮ চনত গঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট নগৰ প্ৰাথমিক শাখা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলাসাখাৰ অধীনস্থ এক উল্লেখযোগ্য প্ৰাথমিক শাখা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, একশৰণ নামধৰ্ম, ভক্তি, নৈতিক মূল্যবোধ আৰু সামাজিক সম্প্ৰীতিৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰত এই শাখাই দীৰ্ঘদিন ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৩০ ডিচেম্বৰ, ২০২৩ চনত শাখাখন পুনৰ প্ৰতিষ্ঠা কৰি গোলাঘাট জিলাৰ কাথকটীয়া, মৌখোৱা মৌজাৰ অন্তৰ্গত গোলাঘাট উপ-বিভাগত স্থানান্তৰ কৰা হয়। নতুন নামঘৰ স্থাপনৰ জৰিয়তে নাম-প্ৰসংগ, কীৰ্তন-ঘোষা পাঠ, ধৰ্মীয় অনুষ্ঠান, সাংস্কৃতিক কাৰ্যসূচী আৰু সমাজকল্যাণমূলক কাম-কাজ অধিক সুসংগঠিতভাৱে আগবঢ়াই নিয়াৰ এক নতুন অধ্যায়ৰ সূচনা হৈছে। এই শুভ উপলক্ষে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট নগৰ প্ৰাথমিক শাখা নামঘৰ উদ্বোধন অনুষ্ঠান ভক্তবৃন্দ, সঙ্ঘৰ বিষয়ববীয়া, সদস্য-সদস্যা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মহাসমাৰোহে অনুষ্ঠিত হয়। এই পৱিত্ৰ নামঘৰে আগন্তুক দিনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহান আদৰ্শ আৰু আধ্যাত্মিক চেতনাক সমাজৰ প্ৰতিজন ব্যক্তিৰ মাজলৈ অধিক শক্তিশালীভাৱে প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে।
Srimanta Sankardev Sangha, Golaghat Nagar Prathamik Sakha was established in 1978 under the Srimanta Sankardev Sangha, Golaghat Zila Sakha. Since its inception, the Prathamik Sakha has been actively dedicated to promoting the ideals of Mahapurush Srimanta Sankardev, spreading the teachings of Eka Sarana Nama Dharma, and fostering spiritual, cultural, and social values within the community. In 30 Dec 2023, the branch was re-established and relocated to Kathkatiya, Moukhowa Mouza, under the Golaghat Sub-Division. The establishment of the new Namghar marks a significant milestone, providing a sacred space for Naam-Prasanga, Kirtan, religious gatherings, cultural activities, and community welfare programmes. The Namghar Inauguration Ceremony of Srimanta Sankardev Sangha, Golaghat Nagar Prathamik Sakha was celebrated with great devotion and enthusiasm in the presence of devotees, Sangha officials, members, and local residents. This auspicious occasion reaffirms the commitment to preserving and promoting the timeless teachings and values of Mahapurush Srimanta Sankardev for future generations.